ৱিকিপিডিয়া
White sphere made of large jigsaw pieces. Letters from many alphabets are shown on the pieces.
Wikipedia wordmark soft2i
ৱিকিপিডিয়াৰ প্ৰতীক, বিভিন্ন লিখন প্ৰণালীৰ গ্লিফ্ সম্বলিত এটা গোলক
ইউ আৰ এল wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নাই
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন ঐচ্ছিক (কিছুমান বিশেষ কাম যেনে সুৰক্ষিত পৃষ্ঠাৰ সম্পাদনা, পৃষ্ঠাৰ সৃষ্টি বা ফাইল আপল'ড কৰা আদিৰ বাবেহে প্ৰয়োজনীয়)
ভাষা ৩৩৬ টা সংস্কৰণ es-us
বিষয়বস্তু অনুজ্ঞাপত্ৰ Creative Commons Attribution/
Share-Alike 3.0
(বেছিভাগ পাঠ্যৰে GFDLৰো অন্তৰ্গত দ্বি-অনুজ্ঞাপত্ৰ আছে)
মিডিয়া অনুজ্ঞাপত্ৰ ভিন্ন
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেছন (মুনাফাহীন)
সৃষ্টিকৰ্তা জিম্মী ৱেলছ, লেৰী ছেংগাৰ[1]
অৱস্থান মিয়ামি, ফ্ল'ৰিডা
মুকলি ১৫ জানুৱাৰী, ২০০১
বৰ্তমান স্থিতি সক্ৰিয়

ৱিকিপিডিয়া (ইংৰাজী: Wikipedia) হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ প্ৰায় ৪.১ নিযুত স্বেচ্ছাসেৱকে সহযোগিতাৰে ইংৰাজী ৱিকিপিডিয়া প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে। যিকোনো মানুহে প্ৰায় সকলো প্ৰবন্ধই সম্পাদনা কৰিব পাৰে আৰু ইয়াৰ প্ৰায় ১ লাখ সক্ৰিয় ব্যৱহাৰকাৰী আছে।[2] পৃথিৱীৰ কিছুমান ঠাইত ৱিকিপিডিয়া নিষেধ কৰা হৈছে।[3] জানুৱাৰী ২০১৩ লৈকে ২৮৫টা ভাষাত ৱিকিপিডিয়াৰ সংস্কৰণ আছে। বিশ্বজুৰি ৩৬৫ নিযুত পঢ়ুৱৈৰে আৰু এলেক্সাত সকলো ৱেবছাইটৰ ভিতৰত ষষ্ঠ স্থানেৰে[4][5] ই বিশ্বৰ সৰ্ববৃহৎ আৰু ইণ্টাৰনেটৰ সৰ্বাধিক জনপ্ৰিয় সাধাৰণ প্ৰসংগ কৰ্ম।[4][6][7][8]

ইতিহাস

২০০১ চনত জিম্মী ৱেলছ আৰু লেৰী ছেংগাৰে ৱিকিপিডিয়া মুকলি কৰে।[9][10] ছেংগাৰে wiki (সহযোগিতামূলক ৱেবছাইট সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি, হাৱাইয়ান শব্দ wikiৰ পৰা যাৰ অৰ্থ হৈছে "ক্ষিপ্ৰ") আৰু encyclopedia শব্দ দুটা মিলাই Wikipedia শব্দটোৰ উদ্ভাৱন কৰে।[11] and encyclopedia ৱিকিপিডিয়া বিশেষজ্ঞৰদ্বাৰা লিখা নহয় আৰু ইয়াত থকা বহুতো অবিদ্যায়তনিক বস্তুৰবাবে ই লক্ষণীয় হৈ উঠিছে। টাইম আলোচনীয়ে 'আপোনাক' (You) '২০০৬ চনৰ ব্যক্তি' (Person of the year) হিচাপে নিৰ্বাচন কৰিছিল। এই নিৰ্বাচনৰ ভিত্তি আছিল 'ৱেব-২'-ৰ ভিত্তিত নিযুত ব্যক্তিৰ সংযোগী অৱদানেৰে গঠিত কেবাটও ৱেবছাইটৰ সাফল্য। 'ৱিকিপিডিয়া'কে ধৰি এই 'ৱেব-২'ৰ ভিত্তিত গঢ়ি উঠা ইউটিউব, মাইস্পেছ, ফেইচবুক ইত্যাদি ৱেবছাইট প্ৰায় একে ধাৰণাৰে গঠিত।[12] বিশ্বকোষ সুলভ তথ্যভাণ্ডাৰ হোৱাৰ উপৰিও ৱিকিপিডিয়া এতিয়া খবৰৰ বাবেও জনপ্ৰিয়, যিকোনো খবৰ খুব সোনকালেই ৱিকিপিডিয়াত আপডে'ট কৰা হয়।[13][14] ছাত্ৰসকলক কোনো বিষয়ৰ ওপৰত প্ৰকল্প হিচাপেও প্ৰবন্ধ লিখিবলৈ দিয়া হৈছে।[15]

অসমীয়া ৱিকিপিডিয়াৰ বেটুপাত

ৱিকিপিডিয়াত নিয়মাৱলীয়ে সদায়ে তথ্যৰ নিৰ্ভৰযোগ্যতা আৰু নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দি আহিছে যদিও, ঠিক এইকেইটা বিষয়ৰ বাবেই ৱিকিপিডিয়া প্ৰায়েই সমালোচনাৰ সম্মুখীন হৈ আহিছে। আকৌ ৱিকিপিডিয়াত জনপ্ৰিয় বিষয়ৰ প্ৰবন্ধৰ সৰহতা আৰু বিশেষজ্ঞ মতামততকৈও কেবাজনৰো সংগঠিত মতামতক বেছি গুৰুত্ব দিয়া নীতিৰ বাবেও ইয়াক সমালোচনা কৰা হৈছে।[16]ৱিকিপিডিয়াৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উঠিছে।[17] আকৌ তথ্য-বিকৃতি আৰু তাৰ জৰিয়তে কোনো ধাৰণা বা ব্যক্তি-বিশেষৰ প্ৰতি বিদ্বেষমূলক প্ৰচাৰকাৰ্য্যৰ বাবেই ৱিকিপিডিয়া সমালোচনাৰ সম্মুখীন হৈছে।[18] অৱশ্যে গৱেষণালব্ধ ফলাফলে দেখুৱায় যে এনে তথ্য-বিকৃতি সাধাৰণতে বেছি দিন থাকিবলৈ নাপায়।[19][20] ২০০৫ চনত 'নেচাৰ' পত্ৰিকাত প্ৰকাশিত এটা সমীক্ষাৰ মতে ৱিকিপিডিয়াৰ বিজ্ঞানৰ প্ৰবন্ধবোৰৰ শুদ্ধতা এনচাইক্ল'পেডিয়া ব্ৰিটানিকা-ৰ ওচৰচপা আৰু 'ডাঙৰ ভুল'ৰ সংখ্যাও প্ৰায় সমানেই।[21]

সম্পাদনা

পৰম্পৰাগত বিশ্বকোষসমূহৰ বিপৰীতে ৱিকিপিডিয়া সম্পাদনাৰ বাবে সকলোৰে কাৰণে প্ৰায় মুকলি। ইয়াৰ অৰ্থ হ'ল যে স্পৰ্শকাতৰ আৰু বা ধ্বংসাত্মক কাৰ্যৰ সম্ভাৱনা থকা কিছুমান পৃষ্ঠা সুৰক্ষিত কৰা হয়।[23] আন বেছিভাগ পৃষ্ঠাই পঢ়ুৱৈয়ে কোনো অনুমতি অবিহনে, নাম প্ৰকাশ নকৰাকৈ বা পঞ্জীয়ন নকৰাকৈ সম্পাদনা কৰিব পাৰে। বেলেগ বেলেগ ভাষাৰ ৱিকিপিডিয়াই এই নীতিটোৰ অলপ সালসলনি কৰে, যেনে- ইংৰাজী ৱিকিপিডিয়াত কেৱল পঞ্জীয়ন কৰা ব্যৱহাৰকাৰীয়েহে নতুন প্ৰবন্ধ সৃষ্টি কৰিব পাৰে।[24] কোনো প্ৰবন্ধতে ইয়াৰ সৃষ্টিকৰ্তা বা আন সম্পাদকৰ মালিকীস্বত্ব নাথাকে। সম্পাদকসকলে প্ৰবন্ধৰ সমল বা গঠন সম্পৰ্কে ঐকমত্য প্ৰতিষ্ঠা কৰিব লাগে।[25]

ডিফল্ট নিয়ম অনুসৰি প্ৰবন্ধত কৰা সম্পাদনা কোনো পৰ্যালোচনা নোহোৱাকৈ সাঁচি ৰাখিব পাৰি। তেনে হোৱা বাবে আন সম্পাদকে শুধৰণি নকৰালৈকে প্ৰবন্ধ এটাত অশুদ্ধ তথ্য, পক্ষপাতিত্ব, বা অৰ্থহীন কথা থাকিব পাৰে। বেলেগ বেলেগ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা বেলেগ বেলেগ ৱিকিপিডিয়াই এই নীতিৰ সালসলনি কৰিব পাৰে। যেনে- জাৰ্মান ৱিকিপিডিয়াই কেইবাবাৰো পৰ্যালোচনা হৈ যোৱা প্ৰবন্ধবোৰৰ এটা স্থায়ী ৰূপ সংৰক্ষণ কৰি ৰাখে।[26] তেনেদৰে ইংৰাজী ৱিকিপিডিয়াত ডিচেম্বৰ ২০১২ত "pending changes" প্ৰক্ৰিয়া ৰূপায়ণ কৰা হৈছে[27] এই প্ৰক্ৰিয়া অনুসৰি নতুন ব্যৱহাৰকাৰীয়ে কিছুমান বিতৰ্কিত বিষয়ৰ বা ধ্বংসাত্মক কাৰ্যৰ সম্ভাৱনা থকা প্ৰবন্ধ সম্পাদনা কৰিলে সেয়া কোনো "প্ৰতিষ্ঠিত ৱিকিপিডিয়া সম্পাদকে পৰীক্ষা কৰাৰ পিছতহে প্ৰকাশ হ'ব। "

Web page showing side-by-side comparison of an article highlighting changed paragraphs.
প্ৰবন্ধত হোৱা সালসলনি সম্পাদকে দুটা সংশোধনৰ মাজৰ পাৰ্থক্য পৰীক্ষা কৰি গম পায় (ইয়াত ৰঙা কৰি দেখুওৱা)।

পঞ্জীয়ন কৰা বা নকৰা অৱদানকৰীয়ে ৱিকিপিডিয়া পৰিচালনা কৰা ছফ্টৱেৰটোৰ সুবিধা গ্ৰহণ কৰিব পাৰে। প্ৰত্যেক প্ৰবন্ধৰে "ইতিহাস" পৃষ্ঠাখনত প্ৰবন্ধটোৰ সকলো পূৰ্ব সংশোধন লিপিবদ্ধ হৈ থাকে। কিন্তু অৰ্থহীন সমল থকা, ভাবুকিপূৰ্ণ বা কপিৰাইট উলঙ্ঘন থকা সংশোধন আঁতৰাই দিয়া হ'ব পাৰে।[28] সম্পাদকে এই পৃষ্ঠাখন ভুল সম্পাদনা আঁতৰাবলৈ বা হেৰাই যোৱা সমল ঘূৰাই আনিবলৈ ব্যৱহাৰ কৰিব পাৰে। প্ৰতিটো প্ৰবন্ধতে থকা "আলোচনা" পৃষ্ঠাই সম্পাদকসকলক সমন্বয় ৰক্ষাত সহায় কৰে।[29] তদুপৰি সম্পাদকসকলে ঐকমত্য প্ৰতিষ্ঠাৰ বাবে "আলোচনা" পৃষ্ঠা ব্যৱহাৰ কৰিব পাৰে।[30]

ইয়াৰ লগতে সম্পাদকে ৱেবছাইটটোৰ "শেহতীয়া সালসলনিসমূহ" চাব পাৰে। নিয়মিত অৱদানকাৰীসকলে প্ৰায়েই তেওঁলোকে গুৰুত্ব দিয়া প্ৰবন্ধবোৰৰ এখন "লক্ষ্য-তালিকা" ৰাখে যাতে সেইবোৰত হোৱা সালসলনি সহজে পৰীক্ষা কৰিব পাৰি। বহু বেছি প্ৰবন্ধ থকা ৱিকিপিডিয়াত ই লাভজনক কাৰণ সম্পাদকৰ বাবে "শেহতীয়া সালসলনি" ত থকা বৃহৎ পৰিমাণৰ সম্পাদনাৰ সংখ্যাত চকু ৰখা কষ্টকৰ। নতুন পৃষ্ঠা পৰীক্ষণ নামৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে নতুনকৈ সৃষ্টি কৰা প্ৰবন্ধসমূহ ভুল-ত্ৰুটিৰ বাবে পৰীক্ষা কৰা হয়।[31] প্ৰায়েই ধ্বংসাত্মক কাৰ্যৰ সন্মুখীন হোৱা প্ৰবন্ধ অৰ্ধ-সুৰক্ষিত কৰা হয় যাতে কেৱল প্ৰতিষ্ঠিত ব্যৱহাৰকাৰীয়েহে সেয়া সম্পাদনা কৰিব পাৰে।[32] বেছি বিতৰ্কিত প্ৰবন্ধ বা গুৰুত্বপূৰ্ণ পৃষ্ঠা কেৱল প্ৰশাসকেহে সম্পাদনা কৰিব পৰাকৈ বন্ধ কৰিও ৰাখিব পাৰি।[33]

অসমীয়া ৱিকিপিডিয়াৰ সম্পাদনা ইণ্টাৰফে'চ

সাধাৰণ বৰ্ণাশুদ্ধি বা আংগিক সমস্যা দূৰ কৰিবলৈ, বা পৰিসাংখ্যিক তথ্যৰপৰা এটা নিৰ্দিষ্ট গতৰ প্ৰবন্ধ আৰম্ভ কৰিবলৈ বট নামৰ কম্পিউটাৰ প্ৰ'গ্ৰেম বহুলভাৱে ব্যৱহাৰ কৰা হয়।[34][35][36] "নিবিচৰা" ধৰণৰ সম্পাদনাৰ পৰা বিৰত থাকিবলৈ ব্যৱহাৰকাৰীক সতৰ্কবাণী দিয়া,[37] কোনো ৱেবছাইটলৈ লিংক সৃষ্টিত বাধা দিয়া, আৰু কোনো একাউণ্ট বা আই পি ঠিকনাৰ পৰা সম্পাদনা ৰোধ কৰিবলৈকো কিছুমান বট ডিজাইন কৰা হৈছে। বট সক্ৰিয় কৰাৰ পূৰ্বে প্ৰশাসনৰ অনুমতি দৰকাৰী।[38]

তথ্যসূত্ৰ

  1. Jonathan Sidener. "Everyone's Encyclopedia". The San Diego Union-Tribune. http://www.signonsandiego.com/uniontrib/20041206/news_mz1b6encyclo.html আহৰণ কৰা হৈছে: 2006-10-15.
  2. "Technology can topple tyrants: Jimmy Wales an eternal optimist". Sydney Morning Herald. November 7, 2011. http://m.smh.com.au/technology/technology-news/technology-can-topple-tyrants-jimmy-wales-an-eternal-optimist-20111107-1n387.html আহৰণ কৰা হৈছে: May 8, 2012.
  3. Wikipedia says it's losing contributors
  4. 1 2 "Five-year Traffic Statistics for Wikipedia.org". Alexa Internet. Archived from the original on January 24, 2022. https://web.archive.org/web/20220124042758/https://www.alexa.com/siteinfo/wikipedia.org?range=5y আহৰণ কৰা হৈছে: May 24, 2011.
  5. [http://upload.wikimedia.org/wikipedia/meta/ /3a/TED2010%2C_Stuart_West_full_presentation_updated_with_January_data.pdf Wikipedia's Evolving Impact] Archived 2008-10-04 at the Wayback Machine, by Stuart West, slideshow presentation at TED2010
  6. Bill Tancer (May 1, 2007). "Look Who's Using Wikipedia". Time. Archived from the original on August 3, 2012. https://web.archive.org/web/20120803185245/http://www.time.com/time/business/article/0,8599,1595184,00.html আহৰণ কৰা হৈছে: December 1, 2007. "The sheer volume of content [...] is partly responsible for the site's dominance as an online reference. When compared to the top 3,200 educational reference sites in the U.S., Wikipedia is No. 1, capturing 24.3% of all visits to the category" Cf. Bill Tancer (Global Manager, Hitwise), "Wikipedia, Search and School Homework", Hitwise: An Experian Company (Blog), March 1, 2007. Retrieved December 18, 2008.
  7. Alex Woodson (July 8, 2007). "Wikipedia remains go-to site for online news". Reuters. http://www.reuters.com/article/internetNews/idUSN0819429120070708 আহৰণ কৰা হৈছে: December 16, 2007. "Online encyclopedia Wikipedia has added about 20 million unique monthly visitors in the past year, making it the top online news and information destination, according to Nielsen//NetRatings."
  8. "Top 500". Alexa Internet. Archived from the original on December 24, 2008. https://web.archive.org/web/20081224031856/http://www.alexa.com/site/ds/top_sites?ts_mode=global আহৰণ কৰা হৈছে: October 13, 2009.
  9. Mike Miliard (2008-03-01). "Wikipediots: Who Are These Devoted, Even Obsessive Contributors to Wikipedia?". Salt Lake City Weekly. http://www.cityweekly.net/utah/article-5129-feature-wikipediots-who-are-these-devoted-even-obsessive-contributors-to-wikipedia.html আহৰণ কৰা হৈছে: 2008-12-18.
  10. Kaplan Andreas, Haenlein Michael (2014) Collaborative projects (social media application): About Wikipedia, the free encyclopedia. Business Horizons, Volume 57 Issue 5, pp.617-626
  11. “wiki” in the Hawaiian Dictionary, Revised and Enlarged Edition, University of Hawaii Press, 1986
  12. Grossman, Lev (2006-12-13). "Time's Person of the Year: You". TIME (Time, Inc). Archived from the original on 2006-12-18. https://web.archive.org/web/20061218204932/http://www.time.com/time/magazine/article/0,9171,1569514,00.html আহৰণ কৰা হৈছে: 2008-12-26.
  13. Jonathan Dee (2007-07-01). "All the News That's Fit to Print Out". The New York Times Magazine. http://www.nytimes.com/2007/07/01/magazine/01WIKIPEDIA-t.html আহৰণ কৰা হৈছে: 2007-12-01.
  14. Andrew Lih (2004-04-16). "Wikipedia as Participatory Journalism: Reliable Sources? Metrics for Evaluating Collaborative Media as a News Resource" (PDF). 5th International Symposium on Online Journalism (University of Texas at Austin). Archived from the original on 2007-10-29. https://web.archive.org/web/20071029051749/http://jmsc.hku.hk/faculty/alih/publications/utaustin-2004-wikipedia-rc2.pdf আহৰণ কৰা হৈছে: 2007-10-13.
  15. Witzleb, Normann (2009). Engaging with the World: Students of Comparative Law Write for Wikipedia. 19. Legal Education Review. pp. 83–98
  16. Danah Boyd (2005-01-04). "Academia and Wikipedia". Many 2 Many: A Group Weblog on Social Software. Corante. http://many.corante.com/archives/2005/01/04/academia_and_wikipedia.php আহৰণ কৰা হৈছে: 2008-12-18. "[The author, Danah Boyd, describes herself as] an expert on social media[,] ... a doctoral student in the School of Information at the University of California, Berkeley [,] and a fellow at the Harvard University Berkman Center for Internet & Society [at Harvard Law School.]"
  17. Simon Waldman (2004-10-26). "Who knows?". Guardian.co.uk (London). http://www.guardian.co.uk/technology/2004/oct/26/g2.onlinesupplement আহৰণ কৰা হৈছে: 2007-02-11.
  18. Ahrens, Frank (July 9, 2006). "Death by Wikipedia: The Kenneth Lay Chronicles". The Washington Post. http://www.washingtonpost.com/wp-dyn/content/article/2006/07/08/AR2006070800135.html আহৰণ কৰা হৈছে: November 1, 2006.
  19. Fernanda B. Viégas, Martin Wattenberg, and Kushal Dave (2004). "Studying Cooperation and Conflict between Authors with History Flow Visualizations" (PDF). Proceedings of the ACM Conference on Human Factors in Computing Systems (CHI) (Vienna, Austria: ACM SIGCHI): 575–582. doi:10.1145/985921.985953. ISBN 1-58113-702-8. Archived from the original on 2006-01-25. https://web.archive.org/web/20060125025047/http://alumni.media.mit.edu/~fviegas/papers/history_flow.pdf আহৰণ কৰা হৈছে: 2007-01-24.
  20. Reid Priedhorsky, Jilin Chen, Shyong (Tony) K. Lam, Katherine Panciera, Loren Terveen, and John Riedl (GroupLens Research, Department of Computer Science and Engineering, University of Minnesota) (2007-11-04). "Creating, Destroying, and Restoring Value in Wikipedia" (PDF). Association for Computing Machinery GROUP '07 conference proceedings (Sanibel Island, Florida). http://www-users.cs.umn.edu/~reid/papers/group282-priedhorsky.pdf আহৰণ কৰা হৈছে: 2007-10-13.
  21. Jim Giles (December 2005). "Internet encyclopedias go head to head". Nature (journal) খণ্ড 438 (7070): 900–901. doi:10.1038/438900a. PMID 16355180. http://www.nature.com/nature/journal/v438/n7070/full/438900a.html. The study (that was not in itself peer reviewed) was cited in several news articles, e.g.,
  22. "UX and Usability Study". Usability.wikimedia.org. http://usability.wikimedia.org/wiki/UX_and_Usability_Study আহৰণ কৰা হৈছে: July 13, 2010.
  23. Protection Policy
  24. Registration Notes
  25. Ownership of articles
  26. Birken, P. (December 14, 2008). "Bericht Gesichtete Versionen" (German ভাষাত). Wikide-l mailing list. Wikimedia Foundation. http://lists.wikimedia.org/pipermail/wikide-l/2008-December/021594.html আহৰণ কৰা হৈছে: February 15, 2009.
  27. Business Insider
  28. Kleinz, Torsten (2005-02). "World of Knowledge" (PDF). Linux Magazine. http://w3.linux-magazine.com/issu/5/Wikipedia_Encyclopedia.pdf আহৰণ কৰা হৈছে: July 13, 2007. "The Wikipedia's open structure makes it a target for trolls and vandals who malevolently add incorrect information to articles, get other people tied up in endless discussions, and generally do everything to draw attention to themselves."
  29. Fernanda B. Viégas, Martin M. Wattenberg, Jesse Kriss, Frank van Ham (January 3, 2007) (PDF). Talk Before You Type: Coordination in Wikipedia. Visual Communication Lab, IBM Research. http://www.research.ibm.com/visual/papers/wikipedia_coordination_final.pdf আহৰণ কৰা হৈছে: June 27, 2008.
  30. Wikipedia:Consensus
  31. Wikipedia:New pages patrol
  32. English Wikipedia's semi-protection policy
  33. English Wikipedia's full protection policy
  34. Wikipedia Bot Information
  35. Daniel Nasaw (July 24, 2012). "Meet the 'bots' that edit Wikipedia". BBC News Nagazine. http://www.bbc.co.uk/news/magazine-18892510.
  36. Halliday, Josh; Arthur, Charles (July 26, 2012). "Boot up: The Wikipedia vandalism police, Apple analysts, and more". The Guardian. http://www.guardian.co.uk/technology/blog/2012/jul/26/boot-up-wikipedia-apple আহৰণ কৰা হৈছে: September 5, 2012.
  37. "Wikipedia signpost: Abuse Filter is enabled". English Wikipedia. March 23, 2009. https://en.wikipedia.org/wiki/Wikipedia:Wikipedia_Signpost/2009-03-23/Abuse_Filter আহৰণ কৰা হৈছে: July 13, 2010.
  38. Bot Policy

বাহ্যিক সংযোগ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.