ভাৰত গণৰাজ্য
भारत गणराज्य
Horizontal tricolour flag bearing, from top to bottom, deep saffron, white, and green horizontal bands. In the centre of the white band is a navy-blue wheel with 24 spokes. Three lions facing left, right, and toward viewer, atop a frieze containing a galloping horse, a 24-spoke wheel, and an elephant. Underneath is a motto: "सत्यमेव जयते".
নীতিবাক্য
"सत्यमेव जयते" (সংস্কৃত, দেৱনাগৰী)
সত্যমেৱ জয়তে
ৰাষ্ট্ৰীয় সঙ্গীত

জন গণ মন
জাতীয় সংগীত
বন্দে মাতৰম্‌
ভাৰত-ৰ অৱস্থান
ভাৰত-ৰ অৱস্থান
গাঢ় সেউজীয়া ৰং ত দেখুওৱা এলেকা ভাৰতৰ দ্বাৰা নিয়ন্ত্ৰিত; পাতল সেউজীয়া ৰং ত দেখুওৱা অঞ্চলবোৰ ভাৰতে দাবী কৰে যদিও নিয়ন্ত্ৰণাধীন নহয়।
ৰাজধানীনতুন দিল্লী
বৃহত্তম নগৰ মুম্বাই
ৰাষ্ট্ৰভাষা (সমূহ) হিন্দী, ইংৰাজী
স্বীকৃত আঞ্চলিক ভাষাসমূহ
ৰাষ্ট্ৰীয় ভাষা সংবিধানে নিৰ্ধাৰণ কৰা নাই
জাতীয়তাসূচক বিশেষণ ভাৰতীয়
চৰকাৰ সংসদীয় গণতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু
 -  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী (বি জে পি)
 -  লোকসভাৰ অধ্যক্ষ ঔম বিৰলা (বি জে পি)
 -  মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়
স্বাধীনতা ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা 
 -  স্বাধীনতা লাভ ১৫ আগষ্ট ১৯৪৭ 
 -  গণতন্ত্ৰ প্ৰতিষ্ঠা ২৬ জানুৱাৰী ১৯৫০ 
মাটিকালি
 -  মুঠ ৩২,৮৭,২৬৩ বৰ্গ কিমি (সপ্তম)
১২,৬৯,২১৯ বৰ্গ মাইল 
 -  জলভাগ (%) ৯.৬ (৩,১৫,৫৭৭ বৰ্গ কিমি)
জনসংখ্যা
 -  ২০১১ লোকপিয়ল ১,৩২,৬৫,৭২,০০০ (২nd)
 -  ঘনত্ব ৩৯৩.৬ প্ৰতি বৰ্গকিমি (৩১st)
 প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০১৭ আনুমানিক
 -  মুঠ $৯.৪৮৯ trillion (৩)
 -  জনমুৰি $৭,১৫৩ 
জিডিপি (নামমাত্ৰ) ২০১৭ আনুমানিক
 -  মুঠ $২.৪৫৪ trillion (৬)
 -  জনমুৰি $১,৮৫০ 
জিনি সহগ? (২০১৩) ৩৩.৯ (79th)
মানৱ উন্নয়ন সূচক (২০১৫) বৃদ্ধি০.৬২৪[1] (মধ্যম) (১৩১)
মুদ্ৰা ভাৰতীয় টকা ()
সময় অঞ্চল ভাৰতীয় মান সময় (ইউটিচি+০৫:৩০)
 -  গ্ৰীষ্মকালীন (ডিএছটি) পালন কৰা নহয় (ইউটিচি+০৫:৩০)
তাৰিখ বিন্যাস dd/mm/yyyy
গাড়ী চলোৱা হয় বাওঁ ফালে
ইণ্টাৰনেট টিএলডি .in; .ভাৰত
কলিং ক'ড +৯১

ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ (ইংৰাজী: Republic of India) দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা প্ৰথম তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মুঠ উপকূলৰ দৈৰ্ঘ্য হ'ল ৭,৫১৭ কিলোমিটাৰ (৪,৬৭১ মাইল)। এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰসমূহ হ'ল- পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰু ভূটান, পূবে বাংলাদেশ আৰু ম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰু ইন্দোনেচিয়া লগতে থাইলেণ্ড ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্য পথ আৰু একাধিক বিশাল সাম্ৰাজ্যৰ পটভূমি ভাৰতীয় উপমহাদেশ ইয়াৰ সুদীৰ্ঘ অৰ্থনৈতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত। পৃথিৱীৰ চাৰি প্ৰধান ধৰ্ম- হিন্দু, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্মৰ উৎপত্তি ভাৰতত। মধ্যযুগৰ আৰম্ভণিতে খ্ৰীষ্টান ধৰ্ম, ইছলাম, ইহুদী আৰু পাৰ্চী ধৰ্মই ভাৰতৰ দক্ষিণ আৰু পশ্চিম উপকূলত প্ৰৱেশ কৰে আৰু বিধিতাময় ভাৰতীয় সভ্যতাৰ সৃষ্টি কৰে।[2] অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰৱেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবিংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত ব্ৰিটিছ উপনিবেশত পৰিণত হয়। অৱশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।

ব্যুৎপত্তি

ভাৰতীয় মহাকাব্য আৰু ভাৰতৰ সংবিধান দুয়োটাতে উল্লেখ কৰা 'ভাৰত' শব্দটো, বহু ভাৰতীয়েই ভিন্ন ভাষাত ব্যৱহাৰ কৰে ।

ইতিহাস

প্ৰাচীন ভাৰত

মধ্যযুগৰ ভাৰত

আধুনিক ভাৰত

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল

ভাৰতত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ৰাজধানী নতুন দিল্লী। ৰাজ্যৰ নিজৰ প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ ৰাজধানীৰ তালিকা দিয়া হৈছে।

কেন্দ্ৰীয় শাসিত অঞ্চল

উল্লেখযোগ্য যে 'দাদৰা আৰু নগৰ হাভেলী' আৰু 'দমন আৰু দিউ' নামৰ কেন্দ্ৰীয় শাসিত অঞ্চল দুটা একেলগ কৰি 'দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ' নামৰ এটা কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ প্ৰস্তাৱৰ কথা ভাৰত চৰকাৰে ২০১৯ চনৰ জুলাই মাহত ঘোষণা কৰিছিল । উক্ত বিধেয়কখন ২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদত গৃহীত হয় আৰু ২০২০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় ।[3]

ৰাজধানী

ভাৰতৰ ভাষা

হিন্দী হৈছে ভাৰতৰ অধিকাৰিক (অফিছিয়েল) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা। এই ভাষাসমূহ হ’ল:

ভাষা ভাষা পৰিয়াল ভাষীকৰ সংখ্যা (২০০১, নিযুতত)[4] ৰাজ্য
অসমীয়াহিন্দ-আৰ্য্য, পূৰ্বাঞ্চল১৩অসম, অৰুণাচল প্ৰদেশ
উৰ্দুহিন্দ-আৰ্য্য, মধ্য৫২ (ভাৰতত)জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ
ওড়িয়াহিন্দ-আৰ্য্য, পূৰ্বাঞ্চল৩৩উৰিষ্যা
কন্নড়দ্ৰাবিড়৩৮কৰ্ণাটক
কাশ্মিৰীহিন্দ-আৰ্য্য৫.৫জম্মু আৰু কাশ্মীৰ
কোংকণীহিন্দ-আৰ্য্য, দ্বাক্ষীণাত্য২.৫গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা
গুজৰাটীহিন্দ-আৰ্য্য, পশ্চিমাঞ্চল৪৬দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, গুজৰাট
চাঁওতালিমুন্ডা৬.৫বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড আৰু উৰিষ্যাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ চাঁওতালি আদিবাসী সকল
ডোগ্ৰীহিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল২.৩জম্মু আৰু কাশ্মীৰ
তামিলদ্ৰাবিড়৬১তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী
তেলেগুদ্ৰাবিড়৭৪আন্দামান নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী
নেপালীহিন্দ-আৰ্য্য, উত্তৰাঞ্চল২.৯ (ভাৰতত)ছিক্কিম, পশ্চিমবংগ, অসম
পঞ্জাবীহিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল২৯ (ভাৰতত)চণ্ডিগড়, দিল্লী, হাৰিয়ানা, পঞ্জাব
বঙালীহিন্দ-আৰ্য্য, পূৰ্বাঞ্চল৮৩ (ভাৰতত)পশ্চিমবংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত
বড়োতিব্বত-বৰ্মা১.৪অসম
মণিপুৰী (মেইতেই)তিব্বত-বৰ্মা১.৫মণিপুৰ
মালয়ালমদ্ৰাবিড়৩৩কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, পণ্ডিচেৰী
মাৰাঠীহিন্দ-আৰ্য্য, দাক্ষিনাত্য৭২মহাৰাষ্ট্ৰ, গোৱা, দাদৰ আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্য প্ৰদেশ, কৰ্ণাটক
মৈথিলীহিন্দ-আৰ্য্য, পূৰ্বাঞ্চল১২বিহাৰ
সংস্কৃতহিন্দ-আৰ্য্য০.০১অক্ষেত্ৰীয়
সিন্ধীহিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল২.৫ (ভাৰতত)অক্ষেত্ৰীয়
আদৰ্শ হিন্দীহিন্দ-আৰ্য্য, মধ্যঅজ্ঞাত[5]আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীছগঢ়, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাড়খণ্ড, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড

ৰাষ্ট্ৰীয় প্ৰতীক

ভাৰত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ[6]
পতাকা ত্ৰিৰঙ্গা
প্ৰতীক অশোক স্তম্ভ
সংগীত জন গণ মন
স্তোত্ৰ বন্দে মাতৰম্‌
পশু বাঘ (ঢেঁকীয়াপতীয়া বাঘ)
ঐতিহ্যবাহী পশু ভাৰতীয় হাতী
পক্ষী ভাৰতীয় ময়ূৰ
জলচৰ প্ৰাণী শিহু
ফুল পদুম
গছ বট গছ
ফল আম
খেল হকী
বৰ্ষপঞ্জী শকাব্দ
নদী গঙ্গা[7]

উল্লেখযোগ্য যে হকী ভাৰতৰ 'অনাধিকাৰিক (আন-অ'ফিছিয়েল) ৰাষ্ট্ৰীয় খেল'। ২০২০ চনত মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ ময়ূৰেশ আগৰৱাল নামৰ এজন শিক্ষকে আৰ.টি.আই. (তথ্য জনাৰ অধিকাৰ)ৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকী হয় নে নহয় এই সন্দৰ্ভত উত্তৰ বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়লৈ আবেদন জনায়। তাৰ উত্তৰত চৰকাৰে জানিবলৈ দিয়ে যে ভাৰত চৰকাৰৰ দ্বাৰা হকী এতিয়াও ৰাষ্ট্ৰীয় খেল হিচাপে অনুমোদিত বা গৃহীত হোৱা নাই।[8]

তথ্য সংগ্ৰহ

  1. "Human Development Report 2011". United Nations. 2011. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf আহৰণ কৰা হৈছে: 5 November 2011.
  2. (a) Ludden 2014, পৃষ্ঠা 54;
    (b) Asher & Talbot 2006, পৃষ্ঠা 78–79;
    (c) Fisher 2018, পৃষ্ঠা 76
  3. অধিকাৰিক ২০০১ লোকপিয়লৰ তথ্য
  4. ২০০১ৰ জনগণনাত হিন্দী ভাষী লোকৰ সংখ্যা ভিন্ন ভিন্ন পোৱা যায়, ২৫.৮ কোটি আৰু ৪২.২ কোটি। কিন্তু দুয়োটাতে মানিক হিন্দীৰ লগতে অন্য ভাষা, যেনে ৰাজস্থানী (৮০ নিযুত), ভোজপুৰী (৪০ নিযুত), অৱধি (৩৮ নিযুত), ছত্তীছগঢ় (১৮ নিযুত) আৰু অন্যান্য ভাষাৰ ১০ নিযুততকৈ অধিক ভাষীকক অন্তৰ্ভূক্ত কৰা হৈছে।
  5. "National Symbols of India". ENVIS Centre on Hygiene, Sanitation, Sewage Treatment Systems and Technology. http://www.sulabhenvis.nic.in/Database/NationalSymbolsofIndia_226.aspx আহৰণ কৰা হৈছে: 2022-04-09.
  6. জাতীয় নদী গঙ্গা

অধিক পঢ়ক

Overview

Etymology

History

Geography

Biodiversity

Politics

Foreign relations and military

Economy

Demographics

Culture

বাহ্যিক সংযোগ

স্থানাংক: 21°N 78°E / 21°N 78°E / 21; 78

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.