বুঢ়ী আইৰ সাধু  
লেখক লক্ষ্মীনাথ বেজবৰুৱা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ সাধু সংকলন
প্ৰকাশক বনলতা[1]
প্ৰকাশ ১৯১২
মিডিয়া প্ৰকাৰ মুদ্ৰণ
আই.এচ.বি.এন. 81-7339-215-3[1]
ৱিকিউৎসত বুঢ়ী আইৰ সাধুৰ সম্পূৰ্ণ পাঠ পঢ়ক

বুঢ়ী আইৰ সাধু হৈছে শিশু উপযোগী এখন সাধু সংকলন। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে নানা প্ৰবন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰিছিল। এই সাধুকথা বোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সাধু সংকলনৰূপে প্ৰকাশ কৰিছিল।

উৎস

লেখকে এই কাহিনীবোৰ অসমৰ সাধাৰণ স্থানীয় লোকসকলৰ পৰা সংগ্ৰহ কৰি এই কিতাপখন প্ৰস্তুত কৰিছিল। তেওঁ কিতাপখনৰ প্ৰস্তাৱনাত উল্লেখ কৰা নামবোৰ যি সকলে লোককাহিনীৰ অৱদান আগবঢ়াইছিল (কিন্তু কোনে কোনটো অৱদান আগবঢ়াইছিল সেয়া স্পষ্টভাৱে উল্লেখ কৰা নাই) আছিল ভ্ৰমৰেন্দ্ৰ ডেকা, মহী চন্দ্ৰ বৰা, সীতানাথ শৰ্মা, সৰ্বেশ্বৰ শৰ্মা কটকী, ৰুদ্ৰকান্ত গোস্বামী, ৱাজেড আলি, নৰনাথ শৰ্মা, ৰোসেশ্বৰ শৰ্মা, পদ্মধৰ চলিহা, ৰত্নকান্ত শৰ্মা, হলধৰ ভূঞা, গোলোক চন্দ্ৰ শৰ্মা, মেঘনাথ ডেকা, ৰূপচন্দ্ৰ বৰুৱা, দিননাথ মেধি, লোকনাথ দাস, গোবিন্দ চন্দ্ৰ চৌধুৰী আৰু দিনেশ্বৰ দত্ত।

ইংৰাজী অনুবাদ

এই কিতাপখন ইংৰাজীলৈ নৃপেন দত্ত বৰুৱাৰ দ্বাৰা "Old Mother's Wise Tales" নামেৰে অনুবাদ কৰা হৈছিল আৰু ভাৰতৰ এলবিএছ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হৈছিল।[2][3][4]

জনপ্ৰিয় সংস্কৃতিত

১৯৬৩ চনত বেজবৰুৱাৰ গ্ৰন্থখনৰ তেজীমলা নামৰ সাধুটোৰ আধাৰত আনোৱাৰ হুছেইন পৰিচালিত একে নামৰ ছবি এখনে মুক্তি পায়। তেজীমলাই আঞ্চলিক ছবিৰ শিতানত শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে ৰাষ্ট্ৰপতিৰ “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰে।[5][6]

১৯৮৫ চনত মুক্তি পায় হীৰেণ চৌধুৰী আৰু সুপ্ৰভা দেৱীয়ে যুগ্মভাবে পৰিচালনা কৰা সৰবজান নামৰ ছবিখনে। উল্লেখনীয় যে ছবিৰ পৰিচালক সুপ্ৰভা দেৱী অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালক।[7]

বেজবৰুৱাৰ সাধুৰ আধাৰত মুক্তি পোৱা তৃতীয়খন অসমীয়া চলচ্চিত্ৰ হ'ল- তুলা আৰু তেজা (২০১২)।[8]

২০১৬ চনত মুক্তি লাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত কথানদী এখন হৰৰ ফেণ্টাচী প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। কথানদীৰ ছবিখনৰ কাহিনীটো লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ কেইটিমান জনপ্ৰিয় সাধু আৰু চৰিত্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট "তেজীমলা", "চম্পাৱতী", "ঔ-কুঁৱৰী" আৰু "তাৱৈৰ সাধু" নামৰ চাৰিটা বিশেষ সাধুৰ সংমিশ্ৰণ কৰি কথানদীৰ মূল কাহিনীটো সৃষ্টি কৰা হৈছে। [9] [10] কথানদীয়ে ২০১৫ চনত এছিয়ান চিনেমা ফাণ্ডৰ প'ষ্ট প্ৰডাক্‌চন বঁটা লাভ কৰে।[11] ২০১৫ চনৰ ১ ৰ পৰা ১০ অক্টোবৰলৈকে অনুষ্ঠিত বিংশতিতম বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই চলচ্চিত্ৰ প্ৰথমবাৰ প্ৰদৰ্শিত হয়।[12] ২০১৬ চনৰ এপ্ৰিলত ৬৩ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰে।[13]

বুঢ়ী আইৰ সাধুৰ সাধুকেইটা

বুঢ়ী আইৰ সাধুৰ সাধু সমূহৰ চৰিত্ৰ আদিৰ কাল্পনিক ডিজিটেল চিত্ৰায়ন
তেজীমলাৰ এখন কাল্পনিক চিত্ৰ
তেজীমলাৰ এখন কাল্পনিক চিত্ৰ  
অন্তিমটো সাধু কাঞ্চনীৰ এক কাল্পনিক চিত্ৰ
অন্তিমটো সাধু কাঞ্চনীৰ এক কাল্পনিক চিত্ৰ  
চম্পাৱতী সাধুৰ এক কাল্পনিক চিত্ৰ
চম্পাৱতী সাধুৰ এক কাল্পনিক চিত্ৰ  
ঔ-কুঁ‌ৱৰীৰ মাতৃৰ কাল্পনিক চিত্ৰ
ঔ-কুঁ‌ৱৰীৰ মাতৃৰ কাল্পনিক চিত্ৰ  

বুঢ়ী আইৰ সাধুত মুঠ ৩০টা সাধু আছে। সাধুকেইটাৰ নাম তলত উল্লেখ কৰা হ'ল:

  • মেকুৰীৰ জীয়েকৰ সাধু
  • বান্দৰ আৰু শিয়াল
  • ঔ-কুঁৱৰী
  • ঢোঁৰাকাউৰী আৰু টিপচীচৰাই
  • এজনী মালিনী আৰু এজোপা ফুল
  • বুধিয়ক শিয়াল
  • বাঘ আৰু কেঁকোৰা
  • তেজীমলা
  • বুঢ়া-বুঢ়ী আৰু শিয়াল
  • দীঘল ঠেঙীয়া
  • গঙ্গাটোপ
  • নুমলীয়া পো
  • সৰবজান
  • এটা শিঙৰা মাছৰ কথা
  • এটা বলী মানুহ
  • চিলনী জীয়েকৰ সাধু
  • তুলা আৰু তেজা
  • কটা যোৱা নাক,খাৰণী দি ঢাক
  • তীখৰ আৰু চুটিবাই
  • চম্পাৱতী
  • জৰদগৱ ৰজাৰ উপাখ্যান
  • পানেশৈ
  • জোঁৱাইৰ সাধু
  • কুকুৰীকণা
  • ভেকুলীৰ সাধু
  • তাৱৈয়েকৰ সাধু
  • লট্‌কন
  • লখিমী তিৰোতা
  • দুই বুধিয়ক
  • কাঞ্চনী

তথ্য সংগ্ৰহ

  1. 1 2 "প্ৰকাশন". Archived from the original on March 4, 2016. https://web.archive.org/web/20160304031857/http://www.banalata.in/book/burhi-aair-sadhu আহৰণ কৰা হৈছে: July 13, 2012.
  2. "The Sentinel". Sentinelassam.com. Archived from the original on 2015-09-24. https://web.archive.org/web/20150924100629/http://www.sentinelassam.com/ghy_city/story.php?sec=1&subsec=0&id=132340&dtP=2013-03-10&ppr=1 আহৰণ কৰা হৈছে: 2013-03-15.
  3. "The Sentinel". Sentinelassam.com. Archived from the original on 2015-09-24. https://web.archive.org/web/20150924100609/http://www.sentinelassam.com/ghy_city/story.php?sec=1&subsec=0&id=126360&dtP=2012-09-12&ppr=1 আহৰণ কৰা হৈছে: 2013-03-15.
  4. TI Trade (30 July 2012). "The Assam Tribune Online". Assamtribune.com. Archived from the original on 23 November 2012. https://web.archive.org/web/20121123141542/http://www.assamtribune.com/scripts/detailsnew.asp?id=jul3012%2Fcity07 আহৰণ কৰা হৈছে: 2013-03-15.
  5. "'Women are the prime force of society'". https://timesofindia.indiatimes.com/city/guwahati/Women-are-the-prime-force-of-society/articleshow/39535827.cms আহৰণ কৰা হৈছে: 20-10-2019."'Women are the prime force of society'". https://timesofindia.indiatimes.com/city/guwahati/Women-are-the-prime-force-of-society/articleshow/39535827.cms আহৰণ কৰা হৈছে: 20-10-2019.
  6. "National films for Awards". https://www.dff.nic.in/images/Documents/104_10thNfacatalogue.pdf আহৰণ কৰা হৈছে: 20-10-2019.
  7. "Suprabha Devi passes away at 73". The Telegraph. http://ww.telegraphindia.com/1110615/jsp/northeast/story_14112689.jsp আহৰণ কৰা হৈছে: ২৫ ডিচেম্বৰ, ২০১১.
  8. Seven Sisters' Post - ‘Tula Aru Teja’: Folktale comes alive on celluloid, Chandan Sarmah, Retrieved - May 16, 2012
  9. https://www.thehindu.com/features/and-the-river-flows-to-tell-the-tales-kothanodi/article8645138.ece
  10. Das, Gaurav (3 December 2013). "Four iconic fables to feature in film". Times of India (Guwahati). http://timesofindia.indiatimes.com/city/guwahati/Four-iconic-fables-to-feature-in-film/articleshow/26761372.cms.
  11. "Asian Cinema Fund (ACF) 2015 Selection Announced". Archived from the original on 2015-08-28. https://web.archive.org/web/20150828223542/http://acf.biff.kr/artyboard/board.asp?act=bbs&subAct=view&bid=9636_02&list_style=list&seq=150072.
  12. "Kothanodi receives rare international honour". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304110322/http://www.assamtribune.com/scripts/showpage.asp?id=jul1115,12,87,1416,663,738.
  13. "National Awards 2016: Here is the complete List of Winners". The Indian Express (New Delhi). 29 March 2016. http://indianexpress.com/article/entertainment/bollywood/63rd-national-film-awards-complete-list-of-winners/ আহৰণ কৰা হৈছে: 11 June 2016.

বাহ্যিক সংযোগ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.