স্থানাংক: 26°11′N 91°44′E / 26.183°N 91.733°E / 26.183; 91.733

গুৱাহাটী
  মহানগৰ  
ওপৰৰ পৰা বাওঁফালৰ পৰা সোঁফালে: গুৱাহাটী ক্লাব এৰিয়া, গুৱাহাটী ৰ’পৱে গাড়ী, অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম , আই আই টি গুৱাহাটী, গুৱাহাটী এৰিয়াল ভিউ, কামাখ্যা মন্দিৰ

মোহৰ
গুৱাহাটী is located in Assam
গুৱাহাটী
অসমৰ মানচিত্ৰত গুৱাহাটীৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°11′0″N 91°44′0″E / 26.183333°N 91.733333°E / 26.183333; 91.733333
দেশ  ভাৰত
ৰাজ্য অসম
অঞ্চল নামনি অসম
জিলা কামৰূপ মহানগৰ
চৰকাৰ
 - প্ৰকাৰ গণতন্ত্ৰ
 - পৰিষদ গুৱাহাটী পৌৰ নিগম
 - মেয়ৰ মৃগেন শৰণীয়া (ভাজাপা)
 - উপায়ুক্ত পল্লৱ গোপাল ঝা, ভা. প্ৰ. সে.
 - আৰক্ষী আয়ুক্ত হিতেশ চন্দ্ৰ ৰয়, এ.চি. এছ.
মাটিকালি
 - মহানগৰ ৩২৮ কি.মি. 
(১২৮ বৰ্গ মাইল)
উচ্চতা ৫০−৬৮০ মিটাৰ (−২,১৮০.৯৭ ফুট)
জনসংখ্যা (২০১১)[1]
 - মহানগৰ ৯,৫৭,৩৫২ জন
 - স্থান ৪৮thতম
 - জনঘনত্ব ২,৯১৮.৮ প্ৰতি বৰ্গ কি.মি. 
(৭,৫৫৯.৫ প্ৰতি বৰ্গ মাইল)
 - মহানগৰ ৯,৬২,৩৩৪ (UA) জন
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
পিনক'ড ৭৮১ XXX
ফোন +৯১ - (০) ৩৬১ - XX XX XXX
আই এচ অ’ ৩১৬৬ কোড IN-AS
যানবাহনৰ নম্বৰ AS-01 (কামৰূপ মহানগৰ) / AS-25 (কামৰূপ গ্ৰাম্য আৰু দিছপুৰ)
মানৱ উন্নয়ন সূচক বৃদ্ধি ০.৭২৫ উচ্চ[2]
সাক্ষৰতাৰ হাৰ বৃদ্ধি ৯৪.৪৭% উচ্চ[3]
শুভংকৰ প্ৰতিক শিহু[4]
ৱেবছাইট www.gmcportal.in

গুৱাহাটী (ইংৰাজী: Guwahati; পূৰ্বতে গৌহাটী) হৈছে ভাৰতঅসম ৰাজ্যৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰ'প'লিটান এলেকা আৰু কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ 'প্ৰৱেশদ্বাৰ' বুলিও কোৱা হয়।[5][6] ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৯,৬২,৩৩৪ জন। যোৱা দশককেইটাত গুৱাহাটীৰ যথেষ্ট ভৌগোলিক আৰু জনসংখ্যাৰ পৰিৱৰ্তন হৈছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। বৰ্তমানেও ইয়াত বহুতো পুৰণি মঠ-মন্দিৰ দেখিবলৈ পোৱা যায়। কামাখ্যা দেৱালয়, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, বশিষ্ঠাশ্ৰম, দৌল গোবিন্দ মন্দিৰ, উগ্ৰতাৰা দেৱালয় আদি এইবোৰৰ ভিতৰত অন্যতম।

গুৱাহাটী মহানগৰৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে মেঘালয়ৰ পাহাৰ, পশ্চিমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু পূবত নাৰেঙ্গী অৱস্থিত। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেও উত্তৰ গুৱাহাটীৰ ৰূপত ইয়াৰ লাহে লাহে পৰিবৰ্ধন হৈছে। গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা অঞ্চল হৈছে ২১৬ বৰ্গ কিঃমিঃ আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত ৩৪০ বৰ্গ কিঃমিঃ এলেকা আছে।

গুৱাহাটী উত্তৰ-পূব ভাৰতৰ এক প্ৰধান বাণিজ্যিক আৰু শৈক্ষিক কেন্দ্ৰ। ইয়াত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ দৰে বিশ্বস্তৰৰ শিক্ষানুষ্ঠানৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান অৱস্থিত। গুৱাহাটী উত্তৰ পূব ভাৰতৰ সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক কাম-কাজৰো এক অন্যতম কেন্দ্ৰ। উত্তৰ পূব ভাৰতৰ অন্য স্থানসমূহলৈ যাবৰ বাবে গুৱাহাটী এক প্ৰধান বিকল্প। গুৱাহাটী আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ। গুৱাহাটীৰ চৌপাশৰ অৰণ্যত যথেষ্ট সংখ্যক হাতী, বাঘ, বান্দৰ আদি জীৱ-জন্তুৰ উপৰিও বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতি পোৱা যায়।[7][8]

নামৰ উৎপত্তি

গুৱাহাটী নামটো অসমীয়া ভাষাৰ দুটা শব্দ 'গুৱা' (অৰ্থ-তামোল) আৰু 'হাট' (হাটৰ অৰ্থ-বজাৰ)ৰ পৰা উদ্ভৱ হৈছে। ব্ৰিটিছ উপনিবেশৰ কালত এই নামটো "গৌহাটী" বুলি কোৱা হৈছিল আৰু ১৯৮০ৰ দশকৰ শেষৰফালে ই বৰ্তমানৰ ৰূপ পায়।[9] আন এক তথ্য অনুসৰি, এই নগৰৰ কেউফালে পাহাৰে আগুৰি থকাৰ কাৰণে ইয়াক গুহা যেন দেখি। এই গুহা নামৰ পৰাই গুৱাহাটী হৈছে বুলি অনুমান কৰা হয়।

ইতিহাস

গুৱাহাটীৰ কিংবদন্তী আৰু ইতিহাস কেইবাহাজাৰ বছৰৰ পুৰণি। নগৰখনৰ উৎপত্তিৰ কথা জনা নাযায় যদিও মহাকাব্য, পুৰাণ আৰু আন পৰম্পৰাগত ইতিহাসত উল্লেখ কৰা কাহিনীসমূহৰ পৰা ইয়াক এছিয়াৰ এখন অন্যতম পুৰণি নগৰ বুলি অনুমান কৰিব পাৰি।

ইতিহাসৰ মতে গুৱাহাটী কেইবাখনো প্ৰাচীন ৰাজ্যৰ ৰাজধানী আছিল। মহাভাৰতৰ মতে ই নৰকাসুৰ আৰু ভগদত্তৰ ৰাজ্যৰ ৰাজধানী আছিল।[10] নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰ, চিত্ৰাচল পাহাৰত অৱস্থিত প্ৰাচীন জ্যোতিষচৰ্চাৰ মন্দিৰ নৱগ্ৰহ, বশিষ্ঠৰ পুৰাতাত্বিক সম্পদ আৰু আন আন ঠায়ে নগৰখনৰ কিংবদন্তীমূলক ইতিহাসৰ কথাকে সমৰ্থন কৰিছে।[11]

আমবাৰীৰ খননকাৰ্যত ষষ্ঠ খ্ৰীষ্টাব্দত নগৰখনৰ অৱস্থিতিৰ কথা জানিব পৰা গৈছে। বেলেগ বেলেগ সময়ত নগৰখনক 'প্ৰাগজ্যোতিষপুৰ' (পূবৰ পোহৰ) আৰু দুৰ্জয় বুলি জনা গৈছিল আৰু ই কামৰূপ ৰাজ্যবৰ্মণ আৰু পাল ৰাজবংশৰ ৰাজধানী আছিল। হিউৱেন চাঙৰ লিখনিৰ পৰা জানিব পৰা যায় যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰবৰ্মণৰ (৭ম খ্ৰীষ্টাব্দ) ৰাজত্বকালত নগৰখনৰ বিস্তৃতি আছিল ১৯ কিঃমিঃ, লগতে সম্ভৱতঃ ই ৰজাৰ ৩০,০০০ যুঁজাৰু নাওসমৃদ্ধ জলবাহিনীৰ প্ৰধান ঘাটি আছিল। পাল বংশৰ শাসনকালত ই ১০ম-১১শ শতিকালৈকে অসমৰ ৰাজধানী আছিল। আমবাৰীৰ খননকাৰ্য তথা কটন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ সাজোতে কৰা খননত উদ্ধাৰ হোৱা ইটাৰ দেৱাল আৰু ঘৰবোৰৰ পৰা ইয়াক ৯ম-১১শ শতিকা সময়ছোৱাৰ এখন অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ বৃহৎ নগৰ বুলি অনুমান কৰিব পাৰি।

দীঘলী পুখুৰী

১২শ-১৫শ শতিকাৰ মাজত মধ্যযুগৰ সময়ছোৱাত কমতা ৰাজ্যৰ পতনৰ পিছত নগৰখনে পূৰ্বৰ গৰিমা হেৰুৱায় আৰু প্ৰধানতঃ পশ্চিমৰ কোচ হাজো আৰু পূবৰ আহোম ৰাজ্যৰ কূটনৈতিক থলী হৈ পৰে। মোগলৰ হাতত কোচ ৰাজ্যৰ পশ্চিমভাগ (কোচ বিহাৰ)ৰ পতন হোৱাৰ পিছত পূবৰ ভাগটো (কোচ হাজো) আহোমৰ অধীন হৈ পৰে। আহোম আৰু মোগলৰ মাজৰ সীমা কৰতোৱা নদী (এতিয়াৰ উত্তৰ বঙ্গত) বা মানস নদী নিৰ্ধাৰণ হ'লেও গুৱাহাটী এক গুৰুত্বপূৰ্ণ ঘাটি হৈ থাকিল।

নগৰখন আহোম ৰজাই পাতি দিয়া নামনি অসমৰ সেনা প্ৰধান বৰফুকনৰ ঘাটি আছিল। বৰ্তমানৰ ফাঁচী বজাৰৰ ঠাইত বৰফুকনত বাসগৃহ আছিল আৰু তেওঁৰ পাৰিষদ-গৃহ আছিল (দোপদাৰ) বৰ্তমান ভৰলুৰ ২৭৪ মিটাৰ পশ্চিমে। বৰফুকনৰ ব্যক্তিগত সচিব মজিন্দাৰ বৰুৱাৰ বাসগৃহ আছিল বৰ্তমানৰ উপায়ুক্তৰ বাসভৱনৰ ঠাইত। (Baruah 1992:200–201)

মোগলে অসম জয় কৰিবলৈ ১৭বাৰ প্ৰচেষ্টা চলাইছিল যদিও প্ৰতিবাৰেই পৰাজিত হৈছিল। গুৱাহাটীৰ ওচৰৰ শৰাইঘাটত হোৱা ১৬৭১ চনৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগলক পৰাস্ত কৰিছিল। গুৱাহাটীৰ সমীপৱৰ্তী অঞ্চলত থকা "মোমাই-কটা গড়" (লাচিতে কামত গাফিলতি কৰা বাবে মোমায়েকৰ শিৰশ্ছেদ কৰা কাহিনীৰ পৰা হোৱা নাম) আহোমসকলৰ কঠোৰ শ্ৰম আৰু যুঁজাৰু মনোভাৱৰ পৰিচায়ক।

গুৱাহাটীত বহুতো বুৰঞ্জীমূলক স্থান আছে। চাৰিচুকীয়া দীঘলী পুখুৰীৰ ব্ৰহ্মপুত্ৰৰ লগত সংযোগ আছিল আৰু সম্ভৱতঃ ইয়াক মধ্যযুগত আহোমৰ দ্বাৰা নাৱৰ বন্দৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। তদুপৰি বহুতো পুখুৰী, মন্দিৰ, গড় আদি দেখিবলৈ পোৱা যায়। সকলোতকৈ গুৰুত্বপূৰ্ণ পুৰাতাত্বিক স্থান হৈছে দীঘলী পুখুৰীৰ ওচৰৰ আমবাৰী।

জলবায়ু

গুৱাহাটীৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 30
(86)
33
(91)
38
(100)
40
(104)
38
(100)
40
(104)
37
(99)
37
(99)
37
(99)
35
(95)
32
(90)
28
(82)
40
(104)
গড় উষ্ণতা - উচ্চ °C (°F) 23 25 30 31
(88)
31
(88)
31
(88)
32
(90)
32
(90)
31
(88)
30
(86)
27
(81)
24
(75)
29
(84)
গড় উষ্ণতা - নিম্ন °C (°F) 10
(50)
12
(54)
15
(59)
20
(68)
22
(72)
25
(77)
25
(77)
25
(77)
24
(75)
21
(70)
16
(61)
11
(52)
19
(66)
সৰ্বনিম্ন উষ্ণতা °C (°F) 5
(41)
6
(43)
6
(43)
11
(52)
16
(61)
18
(64)
20
(68)
21
(70)
20
(68)
15
(59)
10
(50)
5
(41)
5
(41)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 11.4
(0.449)
12.8
(0.504)
57.7
(2.272)
142.3
(5.602)
248.0
(9.764)
350.1
(13.783)
353.6
(13.921)
269.9
(10.626)
166.2
(6.543)
79.2
(3.118)
19.4
(0.764)
5.1
(0.201)
1,717.7
(67.626)
উৎস: wunderground.com[12]

নগৰৰ ৰূপ

গুৱাহাটী নগৰৰ বিস্তৃতি

কেন্দ্ৰৰ পৰা দক্ষিণ, পূব আৰু পশ্চিম দিশলৈ মহানগৰখনৰ বিস্তৃতি ঘটিছে। যোৱা কেইদশকমানত দক্ষিণ গুৱাহাটীৰ গণেশগুৰি, বেলতলা, পাঞ্জাবাৰী, জটীয়া, কাহিলীপাৰা আদি ঠায়ে ৰাজধানী দিশপুৰক আৱৰি এটা উপ-কেন্দ্ৰ গঢ়ি তুলিছে।

মুখ্য অঞ্চল পুৰণি নগৰখনৰ লগতে পাণ বজাৰ, পল্টন বজাৰ, ফাঁচী বজাৰ আৰু উজান বজাৰেৰে গঠিত। পল্টন বজাৰ যাতায়ত আৰু হোটেলৰ কেন্দ্ৰ, পাণ বজাৰত বিভিন্ন শৈক্ষিক আৰু প্ৰশাসনিক ভৱন আছে, ফাঁচী বজাৰ হৈছে পাইকাৰী আৰু খুচুৰা বস্তু বিক্ৰীৰ কেন্দ্ৰ আৰু উজান বজাৰ হৈছে মূলতঃ আবাসিক আৰু প্ৰশাসনিক অঞ্চল। এইবোৰৰ লগতে পিছলৈ লাচিত নগৰ, চান্দমাৰী, উলুবাৰী, জু ৰোড আদি অঞ্চল সংযোজিত হয়।

নগৰ সংযোগী পথসমূহৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে দক্ষিণৰফালে জি.এছ. ৰোড (নগৰৰ কেন্দ্ৰৰ পৰা প্ৰায় ১৫ কিঃমিঃ)। অৰ্থনৈতিক দিশৰপৰা গুৰুত্বৰ উপৰিও ইয়াৰ আশে-পাশে বহুতো কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু আৰু বসতিস্থল আছে। জি এছ ৰোড এক ৰুচিপুৰ্ণ অভিজাত এলেকা। ইয়াত চাৰিতাৰকাযুক্ত ৰেষ্টোৰেণ্ট, মল, ব্ৰেণ্ডেড ষ্টোৰ, নাইট ক্লাব, বাৰ-ডিস্কো, বুটিক-হোটেলৰে ভৰপূৰ। এই অঞ্চলটো নৈশ জীৱন উদযাপনৰ বাবে প্ৰসিদ্ধ। অসমৰ ৰাজধানী দিশপুৰো ইয়াতে অৱস্থিত। নগৰখনৰ দক্ষিণ অংশত ইয়াৰ ওচৰতে গণেশগুৰিৰ ৰূপত যোৱা কেইদশকমান ধৰি এটা উপ-কেন্দ্ৰ গঢ়ি উঠিছে।

পশ্চিম অংশত অৱস্থিত ক'ৰিডৰত (নগৰৰ কেন্দ্ৰৰ পৰা প্ৰায় ৩০ কিঃমিঃ) গুৱাহাটীৰ পৰা দেশৰ আন আন অঞ্চল সংযোগী ৰেলপথসমূহ অৱস্থিত। এই ক'ৰিড'ৰে ঐতিহাসিক আৰু আবাসিক দিশৰপৰা গুৰুত্বপূৰ্ণ অঞ্চল যেনে নীলাচল পাহাৰ, পাণ্ডু, মালিগাঁও (উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়)ক সংযোগ কৰি দুটা ভাগ হৈছে। এটা পথ উত্তৰ গুৱাহাটীক আৰু আনটোৱে গুৱাহাটী বিশ্ববিদ্যালয় (জালুকবাৰী) হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক সংযোগ কৰিছে।

পূবফালে থকা তৃতীয়টো প্ৰধান ক'ৰিড'ৰে (নগৰ কেন্দ্ৰৰ পৰা প্ৰায় ১৫ কিঃমিঃ) নুনমাটি আৰু নাৰেঙ্গীক সংযোগ কৰিছে।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে নগৰখনৰ দক্ষিণ অংশক আৱৰি ইয়াক পশ্চিম অংশৰ লগত সংযোগ কৰিছে।

গুৱাহাটী মহানগৰৰ দৃশ্য

পৰিচালনা

গুৱাহাটী পৌৰনিগম নামৰ সংস্থা নগৰখন পৰিচালনা, বিকাশ আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছে। পৌৰনিগমে নগৰখনক ৬০টা ৱাৰ্ডত ভাগ কৰিছে।[13] গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (GMDA) নামৰ ৰাজ্যিক সংস্থা বৃহত্তৰ গুৱাহাটী মহানগৰ অঞ্চলৰ পৰিকল্পনা আৰু বিকাশৰ দায়িত্বত আছে। গুৱাহাটীৰ সামগ্ৰিক বিকাশা বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে 'গুৱাহাটী উন্নয়ন বিভাগ' স্থাপন কৰিছে।

গুৱাহাটী চাৰিটা বিধান সভা সমষ্টিৰে গঠিত: জালুকবাৰী, দিশপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী।[14] এই গোটেইকেইটা গুৱাহাটী (লোকসভা সমষ্টি)ৰ অন্তৰ্গত।[15]

জনগাঁথনি

গুৱাহাটীৰ ভাৰতৰ ভিতৰতে দ্ৰুত গতিত বৰ্ধিত এখন নগৰ। নগৰখনৰ জনসংখ্যা ১৯৭১ চনত ২ লাখৰ পৰা বাঢ়ি ১৯৯১ চনৰ ৫ লাখৰ বেছি হয় আৰু ২০০১ চনত এই সংখ্যা হয়গৈ ৮,০৮,০২১ জন। ২০১১ চনৰ লোকপিয়ল অনুসৰি গুৱাহাটী মহনগৰৰ জনসংখ্যা ৯,৬৩,৪২৯ জন।[16] পুৰুষ আৰু মহিলাৰ সংখ্যা ক্ৰমে ৫,০২,২২৫জন আৰু ৪,৬১,১৭৪ গৰাকী। জনসংখ্যাৰ ৯% ০-৬ বছৰীয়া শিশু। গড় সাক্ষৰতাৰ হাৰ ৩১.১১%। পুৰুষ আৰু মহিলাৰ অনুপাত ১০০০:৯১৮।[16] জনসংখ্যাৰ অধিকাংশই হিন্দু ধৰ্মাৱলম্বী লোক।

অৰ্থনীতি

২০১০ চনত গুৱাহাটী মহানগৰৰ মুঠ উৎপাদন প্ৰায় ১০০ কোটি আমেৰিকান ডলাৰ বুলি ধাৰণা কৰা হৈছিল। [উদ্ধৃতিৰ প্ৰয়োজন] নদী বন্দৰ হিচাপে গুৱাহাটী আগৰেপৰাই এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰৰূপে বিবেচিত হৈ আহিছে। নগৰৰ উপাৰ্জনৰ হিছাপ পৰম্পৰাগতভাৱে কৰা নহয় বাবে সঠিক সংখ্যা এতিয়াও পোৱা হোৱা নাই। তথাপিও বাণিজ্যিক কাম-কাজ আৰু নিয়োজনলৈ লক্ষ্য কৰিলে মহানগৰখনে অসমৰ উপাৰ্জনৰ এক বুজন অংশ বহন কৰিছে বুলি অনুমান কৰিব পাৰি। [উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰধান অৰ্থনৈতিক কাম-কাজৰ ভিতৰত বেপাৰ-বাণিজ্য, পৰিবহণ সেৱা, চাকৰি আদি। গুৱাহাটী মহানগৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক কেন্দ্ৰবিন্দু। ই হ'ল মুখ্য পাইকাৰী আৰু খুচুৰা বিতৰণৰ কেন্দ্ৰস্থল। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (Guwahati Tea Auction Centre) পৃথিৱীৰ ভিতৰতে এটি সৰ্ববৃহৎ নিলাম কেন্দ্ৰ। অন্য চহৰবিলাকৰ দৰে বৰ্তমান গুৱাহাটী মহানগৰতো মল (mall) সংস্কৃতি গঢ়ি উঠিছে। উৎপাদন এটা মুখ্য কাৰ্য যদিও ভাৰতৰ অনান্য উদ্যোগিক অঞ্চলৰ লগত ই সমানে আগবাঢ়িব পৰা নাই। ইয়াৰ প্ৰধান উৎপাদন উদ্যোগ হ'ল ভাৰতীয় তেল নিগমৰ (ইংৰাজী: Indian Oil Corporation Limited) গুৱাহাটী মহানগৰীৰ নুনমাটিত অৱস্থিত নুনমাটি তেল শোধনাগাৰটো। ইয়াতে বিভিন্ন উৎপাদন কেন্দ্ৰসমূহৰ (যেনে- নুমলীগড় তেল শোধনাগাৰ) মুখ্য কাৰ্যালয়সমূহ অৱস্থিত। ছপাশাল, ছপা মাধ্যম, বৈদ্যুতিক মাধ্যমসমূহৰ লগত জড়িত বিভিন্ন ব্যৱসায় সমৃহেও এক বিশেষ স্থান লাভ কৰিছে। যোৱা দুটা দশকত অন্যান্য ব্যৱসায় যেনে- ৰীয়েল ইষ্টেট, বিত্তীয় ব্যৱসায় আদিও বৃদ্ধি পাইছে। বৰ্তমান সময়ত বিভিন্ন শৃংখল ব্যৱসায়িক বাণিজ্যৰ খুচুৰা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান যেনে- বিশাল মেগা মাৰ্ট, চেণ্ট্ৰেল মল, ৰুদ্ৰাক্ষ মল, বিগ বাজাৰ, পেণ্টালুন্‌চ, ট্ৰেণ্ড্‌চ মল, ৱেষ্টছাইড, গুৱাহাটী চেণ্ট্ৰেল আদি প্ৰতিষ্ঠানেও মহানগৰীখনৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। গুৱাহাটীত বৰ্তমান আন্তৰ্জাতিক ব্ৰেণ্ড ৰেডিচন ব্লু, ন'ভ'টেলৰ উপৰিও দেশৰ বিখ্যাত তাজ হোটেল প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্মিত ৱিৱান্তা নামৰ তিনিখন পঞ্চতাৰকাযুক্ত হোটেল আছে। অতিশীঘ্ৰে জে দব্লিউ মেৰিয়ট নামৰ এক পঞ্চতাৰকাযুক্ত হোটেল মহানগৰীৰ মাজমজিয়াত পদাৰ্পণ কৰিব। লগতে কেইবাখনো হোটেল নিৰ্মিয়মাণ অৱস্থাত আছে। 'গুৱাহাটী ষ্টক এক্সছেইঞ্জ' (GSE) হ'ল মহানগৰীখনৰ অন্যতম উাল্লেখযোগ্য অৰ্থনৈতিক যোগাযোগৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰোপৰি বিত্তীয় প্ৰতিষ্ঠান নেডফিৰ কাৰ্য্যালয় গুৱাহাটীৰ দিশপুৰত অৱস্থিত। পৰ্যটন, শিক্ষা, গৱেষণা, সাংস্কৃতিক কাৰ্যকলাপ আদিৰ ক্ৰমান্বয়ে হোৱা বৃদ্ধিয়েও মহানগৰীখনৰ অৰ্থনীতিত বিশেষ বৰঙনি যোগাইছে। [উদ্ধৃতিৰ প্ৰয়োজন]

গঠন

আই আই টি গুৱাহাটীৰ ৰাতিৰ দৃশ্য

গুৱাহাটী এখন মজলীয়া আকাৰৰ নগৰ আৰু জনসংখ্যাৰ ফালৰপৰা ভাৰতত ইয়াৰ স্থান প্ৰায় ৫০তম। কিন্তু নগৰখনৰ জীৱনশৈলীৰ মান তুলনামূলকভাৱে উন্নত। ২০০৬ চনত ভাৰতীয় আলোচনী 'আউটলুকে' কৰা এক সমীক্ষামতে এই ক্ষেত্ৰত ভাৰতৰ নগৰসমূহৰ ভিতৰত গুৱাহাটীৰ স্থান ১৬তম। [উদ্ধৃতিৰ প্ৰয়োজন] নগৰখনত বাসগৃহ, কৰ্মক্ষেত্ৰ, আধুনিক বজাৰ অঞ্চল, আধুনিক এপাৰ্টমেণ্ট আদিৰ ব্যৱস্থা আছে। এছিয়ান ডেভেল'পমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে গুৱাহাটীৰ পৰিগাঁথনি উন্নত কৰাৰ পৰিকল্পনা কৰা হৈছে। ভাৰত চৰকাৰে নগৰাঞ্চলৰ উন্নয়নৰ বাবে গঠন কৰা 'জৱাহৰলাল নেহৰু নেছনেল আৰ্বান ৰিনিৱেল মিছন'ৰ অধীনত গুৱাহাটীয়েও এক পুঁজি লাভ কৰিব। নগৰখনৰ পৰিগাঁথনি উন্নত কৰাৰ বাবে উপযুক্ত সা-সুবিধাৰ অভাৱ পৰিলক্ষিত হয়। মুখ্যতঃ ভূমিৰ পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰা পানী যোগান ব্যৱস্থা পৰ্যাপ্ত নহয়।

নগৰখনৰ আন্তঃগাথনিৰ উন্নয়নৰ বাবে পৰ্যাপ্ত সুবিধাৰ অভাৱ। মুখ্যতঃ ভূমিৰ পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰা পানী যোগান ব্যৱস্থাও পৰ্যাপ্ত নহয়। মাটিৰ তলেদি নৰ্দমাৰ পানী বোৱাই নিয়া ভাল ব্যৱস্থাৰ অভাৱ পৰিলক্ষিত হয়। ব্যক্তিগত ঘৰত ছেপ্‌টিক টেংকৰ জনপ্ৰিয়তা অধিক। কোনো কোনো অঞ্চলত বৰষুণ বেছি হোৱাৰ পিছত পানী জমা হোৱাৰ সমস্যা হয়। পাহাৰৰ মাটি উটি আহি নৰ্দমা বন্ধ কৰাটো নগৰখনৰ বাবে সমস্যাদায়ক আৰু খৰচী। গোটা আৱৰ্জনাসমূহ স্থানীয় প্ৰাধিকাৰীয়ে ব্যক্তিগত সহযোগীৰ সহায়ত ব্যৱস্থাপনা কৰে।

পৰিবহণ আৰু যাতায়ত

গুৱাহাটী উত্তৰ-পূব ভাৰতৰ 'প্ৰৱেশদ্বাৰ'। উত্তৰ-পূবৰ আন ঠাইৰ লগত দেশৰ বিভিন্ন প্ৰান্তৰ লগত গুৱাহাটী চহৰৰ যাতায়ত ব্যৱস্থা অতি সুচল।

বিমান পৰিবহণ

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ই গুৱাহাটীৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰৈত অৱস্থিত। দেশৰ সকলোবোৰ ঘৰুৱা বিমান যেনে- ভিষ্টাৰা, স্পাইচ জেট, ইণ্ডিগ', গ' এয়াৰ, এয়াৰ এছিয়া, এয়াৰ ইণ্ডিয়া আদি গুৱাহাটীৰ বিমান বন্দৰৰ পৰা দৈনিক দেশৰ বিভিন্ন প্ৰান্তলৈ চলাচল কৰে। দেশৰ প্ৰায় আটাইকেইটা বিমান বন্দৰৰ সৈতে গুৱাহাটী সংযোগিত। নিয়মীয়া উৰণৰ লগতে টেক্সী সেৱা পোৱা যায়। আন্তৰ্জাতিক উৰণ সপ্তাহত দুবাৰকৈ গুৱাহাটীৰ পৰা বেংককলৈ আৰু ভূটানথিম্ফুলৈ যাতায়ত কৰে। বৰ্তমান ভূটানথিম্ফুৰ পৰা গুৱাহাটী হৈ ছিংগাপুৰলৈ ড্ৰুক এয়াৰৰ বিমান চলাচল কৰে।

ৰেল পৰিবহণ

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। গুৱাহাটীৰ দুটা প্ৰধান ৰেল ষ্টেচন গুৱাহাটী ৰেল ষ্টেচন আৰু কামাখ্যা ৰেল ষ্টেচনে গুৱাহাটী তথা অসমক বহি:ৰাজ্যৰ লগত ৰেলসেৱা আগবঢ়াই আহিছে। গুৱাহাটী ৰেল ষ্টেচন উত্তৰ-পূবৰ বৃহত্তম ৰেলৱে ষ্টেচন। ই পল্টনবজাৰ অঞ্চলত অৱস্থিত। এই দুই ষ্টেচন গুৱাহাটী-বাৰাউনী লাইনত অৱস্থিত আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেৰ লামডিং ৰেলৱে ডিভিজনৰ গুৱাহাটী-লামডিং শাখাৰ অন্তৰ্গত। এই দুই ষ্টেচনৰ উপৰিও নুনমাটিস্থিত নিউ গুৱাহাটী ৰেলৱে ষ্টেচন মালবাহী ৰেলৰ বাবে ব্যৱহৃত।

পথ পৰিবহণ

৩১ নং ৰাষ্ট্ৰীয় ঘাই পথে গুৱাহাটী তথা অসমক বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ সৈতে সংযোগ কৰিছে। আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা আৰম্ভ হৈ গুৱাহাটীৰ মাজেদি গৈ উজনি অসমক সংযোগ কৰিছে। গড়চুক স্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ বাছ সেৱা আছে। গুৱাহাটীৰ চিটী বাছ সেৱা অতি সুবিধাজনক। ব্যক্তিগত আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ চিটী বাছৰ উপৰিও ৰাজ্যিক পৰিবহণ নিগমৰ শীত-তাপ নিয়ন্ত্ৰিত চিটী বাছো উপলব্ধ।

গণ মাধ্যম

গুৱাহাটীৰ পৰা একাধিক সংবাদপত্ৰ প্ৰকাশিত হয়। ইয়াৰোপৰি ইয়াত কেইবাটাও ইলেকট্ৰনিক সংবাদ মাধ্যম তথা দূৰদৰ্শন কেন্দ্ৰ আৰু ৰেডিঅ' ষ্টেশ্যন আছে। গুৱাহাটীৰ পৰা প্ৰকাশিত জনপ্ৰিয় দৈনিক অসমীয়া বাতৰিকাকতসমূহ হ'ল - অসমীয়া প্ৰতিদিন, দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা, গণ অধিকাৰ আৰু দৈনন্দিন বাৰ্তা। জনপ্ৰিয় ইংৰাজী দৈনিক বাতৰিকাকতসমূহ হ'ল - দ্যা আছাম ট্ৰিবিউন, দ্যা ছেণ্টিনেল, দ্যা টেলিগ্ৰাফ, দ্যা টাইমছ্ অব ইণ্ডিয়া ইত্যাদি।

উল্লেখযোগ্য পৰ্যটন স্থান

টোকা

  1. "Guwahati City Census". censusindia.gov.in. http://www.census2011.co.in/census/city/191-guwahati.html আহৰণ কৰা হৈছে: 15 September 2015.
  2. "Assam 2014 Human Development Report". Archived from the original on 2017-03-22. https://web.archive.org/web/20170322195446/http://okd.in/downloads/assam_hdr_30sep2016.pdf আহৰণ কৰা হৈছে: 2018-02-24.
  3. "Guwahati City Census 2011 data". Census2011.co.in. http://www.census2011.co.in/census/city/191-guwahati.html আহৰণ কৰা হৈছে: 2014-09-22.
  4. "Gangetic river dolphin to be city animal of Guwahati". The Times of India. 6 June 2017. http://m.timesofindia.com/home/environment/flora-fauna/Gangetic-river-dolphin-to-be-city-animal-of-Guwahati/articleshow/52623206.cms আহৰণ কৰা হৈছে: 14 June 2017.
  5. Nov 27, Updated:; 2011; Ist, 17:24. "Guwahati a gateway to the exotic North East" (en ভাষাত). Mumbai Mirror. https://mumbaimirror.indiatimes.com/mumbai/other/Guwahati-a-gateway-to-the-exotic-North-East/articleshow/16183684.cms আহৰণ কৰা হৈছে: 2020-06-10.
  6. Bhushan, Chandra (2005). Assam: Its Heritage and Culture. Kalpaz Publications. পৃষ্ঠা. 182. ISBN 978-8178353524.
  7. Choudhury, A.U. (2002). Big cats, elephant, rhino and gaur in Guwahati. The Rhino Found. NE India Newsletter 4:16-19.
  8. Choudhury, A.U. (2003). Guwahati: the city of Adjutants and other endangered birds. The Rhino Found. NE India Newsletter 5:14-17.
  9. "Kamrup Metro District". Kamrup(M) District Administration. http://www.kamrupmetro.nic.in/indexmain.asp আহৰণ কৰা হৈছে: 8 September 2015.
  10. (Gait 1906:13–15)
  11. "Guwahati". guwahatitimes.com. Archived from the original on 8 December 2015. https://web.archive.org/web/20151208185823/http://www.guwahatitimes.com/guwahati/guwahati.html আহৰণ কৰা হৈছে: 9 November 2015.
  12. "Historical Weather for Delhi, India". Weather Underground. Archived from the original on January 6, 2019. https://web.archive.org/web/20190106223201/https://www.wunderground.com/NORMS/DisplayIntlNORMS.asp?CityCode=42182&Units=both%20 আহৰণ কৰা হৈছে: November 27, 2008.
  13. "Map of Municupal Wards of Guwahati". Archived from the original on 15 July 2011. https://web.archive.org/web/20110715030338/http://www.gmcportal.in:8080/GMCPortal/jsp/include/GMCMap.jsp আহৰণ কৰা হৈছে: 1 July 2011.
  14. "Map of Assembly constituencies, Assam". Maps of India. http://www.mapsofindia.com/assemblypolls/assam/ আহৰণ কৰা হৈছে: 2 April 2011.
  15. "List of Parliamentary & Assembly Constituencies" (PDF). Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf আহৰণ কৰা হৈছে: 2008-10-05.
  16. 1 2 "Guwahati City Census". Govt. of India. http://www.census2011.co.in/census/city/191-guwahati.html আহৰণ কৰা হৈছে: May 17, 2012.

তথ্য সংগ্ৰহ

  • Buaruah, S. L. (1993), Last Days of Ahom Monarchy, Munshiram Manoharlal Publishers Pvt Ltd, New Delhi 
  • Cities of ancient India By Baij Nath Puri
  • Early history of Kāmarupa By Kanak Lal Barua

বাহ্যিক সংযোগ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.